
ভাৰতৰ ফাৰ্মা উদ্যোগে ২০৪৭ লৈ ৰপ্তানি ১০ গুণ পৰ্যন্ত বৃদ্ধিৰ পৰিকল্পনা কৰিছে । ৰপ্তানি বৃদ্ধি কৰি ২০৪৭ বৰ্ষলৈ ৩৫০ বিলিয়ন ডলাৰলৈ উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰিছে ফাৰ্মা উদ্যোগে । বৰ্তমান ভাৰতৰ ফাৰ্মা উদ্যোগৰ ৰপ্তানি প্ৰায় ২৫ বিলিয়ন ডলাৰ। এই উচ্চাভিলাষী লক্ষ্যৰ প্ৰাপ্তিয়ে ভাৰতক দেশখনক বিশ্বৰ ফাৰ্মা উদ্যোগৰ মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সহায় কৰিব।
বিশেষজ্ঞসকলৰ মতে, এই বৃদ্ধিৰ মূল কাৰণ হ’ল বিশ্বজুৰি ভাৰতীয় ঔষধৰ গুণগত মান । ইয়াৰোপৰি, চৰকাৰী নীতি আৰু উদ্যোগৰ সক্ৰিয় অংশগ্ৰহণে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ভাৰতৰ ফাৰ্মা উদ্যোগে ইতিমধ্যে ২০০তকৈ অধিক দেশলৈ ঔষধ ৰপ্তানি কৰি আহিছে। নতুন লক্ষ্যৰ সৈতে এই উদ্যোগে আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ স্থান আৰু সুদৃঢ় কৰিবলৈ আগবাঢ়িছে।
এই ক্ষেত্ৰত গৱেষণা আৰু উন্নয়ন, উৎপাদন ক্ষমতা বৃদ্ধি আৰু বিশ্বব্যাপী বজাৰৰ চাহিদা অনুসৰি প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। চৰকাৰী পৃষ্ঠপোষকতা আৰু উদ্যোগৰ সক্ৰিয়তাৰে ভাৰতৰ ফাৰ্মাচিউটিকেল খণ্ডই এক নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।
এই উচ্চ লক্ষ্যৰ সফলতাৰে ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ লগতে বিশ্ব স্বাস্থ্য খণ্ডতো এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰিব।