উত্তৰ-পূব

শীঘ্ৰেই ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা হ’ব পাৰে অশান্ত মণিপুৰত…

ৰাষ্ট্ৰপতি শাসনৰ দিশে মণিপুৰ! ৯ ফেব্ৰুৱাৰী, ২০২৫ ত মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ দাখিল কৰিছিল অগ্নিগৰ্ভা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। ইয়াৰ পিছতে আজি ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই মণিপুৰ বিধানসভাৰ অধিবেশন বাতিল (“Null and Void’’) ঘোষণা কৰিছে।

উল্লেখ্য যে, প্ৰায় দুবছৰ ধৰি মণিপুৰ গোষ্ঠীগত সংঘৰ্ষত জৰ্জিৰিত হৈ আছে। এই সময়ছোৱাত ৰাজ্যখনৰ জনতাক সুৰক্ষা দিয়াৰ লগতে আইন, শৃংখলা জনিত পৰিস্থিতি সম্পূৰ্ণ ৰূপে বিঘ্নিত হৈ জন জীৱন বিপৰ্যস্ত হৈ পৰিছে।

এই সময়ছোৱাত মৃত্যু হ’ল ২০০ ৰো অধিক নিৰীহ জনতাৰ। গৃহহীন হ’ল ৬০ হাজাৰৰো অধিক লোক। জ্বলি ছায় হ’ল ৪৫০০ ৰো বাসগৃহ। ধৰ্ষিতা, লাঞ্চিতা হ’ল অনেক। 

এনে পৰিস্থিতিৰ মাজতে আজিৰে পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল মণিপুৰ বিধানসভাৰ অধিবেশন। এই অধিবেশনত চৰকাৰৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ আনিবলৈ সাজু হৈছিল বিৰোধী কংগ্ৰেছ। কংগ্ৰেছৰ এই অনাস্থা প্ৰস্তাৱলৈ সমৰ্থন আগবঢ়াবলৈ সাজু হৈছিল বিজেপিৰ ১৬ জনকৈ বিধায়ক। তাৰোপৰি এন চি পি, জে ডি ইউকে ধৰি আন কেইবাজনো বিধায়কেও এই অনাস্থা প্ৰস্তাৱত সমৰ্থন দিবলৈ সাজু হৈছিল। 

এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সবিশেষ অৱগত কৰে ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ থকচোম সত্যব্ৰত সিঙে। তাৰ পাছতেই চৰকাৰ ৰক্ষা কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এন বীৰেণ সিঙক দিল্লীলৈ তলব কৰে আৰু পদত্যাগ কৰিবলৈ বাধ্য কৰে।

সমান্তৰালকৈ দিল্লীৰ শীৰ্ষ নেতৃত্বই মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব, কোনে ৰাজ্যখনৰ এই জটিল অৱস্থাত নেতৃত্ব দিব পাৰিব তাক লৈ চিন্তা চৰ্চা অব্যাহত ৰাখিছে। ৰাজ্যপালগৰাকীয়েও পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত নোহোৱালৈকে এন বীৰেণ সিঙকে চৰকাৰ চলাই যোৱাৰ অনুমতি প্ৰদান কৰে। 

কিন্তু ৰাজ্যখনৰ কোনো এজন বিজেপি নেতাই সৰ্ব গ্ৰহণযোগ্য নোহোৱাত চৰম বিপদত পৰিছে কেন্দ্ৰীয় নেতৃত্ব। সেয়ে এতিয়া ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসনেই প্ৰয়োগ কৰাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে। 

ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই এক নিৰ্দেশনাৰ জৰিয়তে বিধানসভাৰ অধিবেশনক (“Null and Void’’) অৰ্থাৎ বাতিল কৰিছে। ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত দুই এদিনতে কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব ৰাজ্যপালগৰাকীয়ে। এই প্ৰতিবেদন প্ৰেৰণৰ পাছতে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰাৰ সম্ভাৱনাই গা কৰি উঠিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button